HUNTERRR…..!!!

Probably the first Bollywood movie to give sexuality and nudity a kind of cinematic beauty, a type of charm, that will obviously make its presence last longer among the audiences…

Director Harshvardhan Kulkarni, brought everything from school love, college romance, neighborhood aunty, to even “Savita bhabi” into the scene, but yet it is not disgusting. Apart from some bold dialogues and two bit-steamy scenes the film never seemed to ever cross the line.

hunter

Neighborhood faces, Gulshan Devaiah, and Radhika Apte did justice to their characters. Not to forget the Bappi daa track HUNTERRR…

Bollywood seem to be evolving a lot in the recent times. After Rockford in the 90’s hunterr may be the only film to do justice to this particular genre.

The scene where Mandar gets sentimental remembering his cousin and the scene where Radika recalls her abortion are really heart touching. Not that it doesn’t have any flaws but it’s OK, there’s always a point for improvement. And we hope Harshvardhan Kulkarni won’t let us down.

The film, apart from entertainment, will also provide you with a whole lot to ponder upon in your leisure. Sexuality in Bollywood has never been so interesting.

For all those who want something solid instead of the typical Bollywoody gaana bajana shit, this is the thing, go for it.

মই, জোনাই আৰু জোনাইৰ বাখৰ খতোৱা কেইতিমান স্মৃতি – ১

জোনাই…, উত্তৰ অসমৰ পুব প্ৰান্তৰ সিমামুৰিয়া শেষৰ খন চহৰ। ঠিক চহৰ বুলিব নোৱাৰি,মহকুমাধিপতিৰ কাৰ্য্যালয়কে মুখ্য কৰি কেইতামান কাৰ্য্যালয়, এখন আৰক্ষী থানা, এখন হস্পিতাল, কেইখনমান শিক্ষাণুষ্ঠান, উত্তৰ-পুব সিমান্ত ৰেলৱেৰ মিতাৰ গ’জ শাখাৰ অন্তিমতো ষ্টেচন (মুৰ্কং-চেলেক) আৰু আঙুলিৰ মুৰত গণিব পৰা কেইখনমান দুকান-পোহাৰ, এইখনেই জোনাই। এখন সৰু অথচ মৰম লগা ঠাই। Transferred Area Actৰ জৰিয়তে ১৯৪৭ চনতেই অসমত যোগদান কৰা জোনাই খন কিন্তু অসমৰ আন ঠাইতকৈ অনেক ক্ষেত্ৰত পিচপৰা। যোগাযোগ, শিক্ষ্যা, স্বাস্থ্য, প্ৰত্যেক ক্ষেত্ৰতে জোনাইবাসীয়ে সদায় উজুতি খাব লগিয়া হয়। নাজানো দোষতো কাৰ। ৰজাঘৰৰ নে প্ৰজাঘৰৰ। হয়তো সকলোৰে। কিন্তু ইমানবোৰ সমস্যাৰ মাজতো জোনাইৰ এটা নিজস্ব মাদকতা আছে, যি মাদকতা হয়তো জোনাইলৈ অহা প্ৰতিজন ব্যক্তিয়েই অনুভৱ কৰিছে

murkong selek

মোৰ শৈশৱ, কৈশোৰ, আৰু যৌৱনৰ প্ৰথম এচোৱা এই জোনাইতেই কতোৱা। মোৰ জন্মও এই জোনাইতেই। সেইকাৰনেই হয়তো জোনাইৰ প্ৰতি মোৰ তানতোও অকণমান বেচি !! আচলতে দেউতাৰ চাকৰি সুত্ৰেহে আমাৰ পৰিয়ালতো জোনাই বাসী হ’ব লগিয়া হৈছিল। দেউতাৰ অৱসৰৰ পিচত জোনাইৰ পৰা গুচি আহিলো যদিও এতিয়াও কোনোবাই ঘৰৰ বিষয়ে সুধিলে G.A.D. Colonyৰ সেই ঘৰতোলৈ হে মনত পৰে।সেই পুৰণি আৰ্হিৰ ঘৰটো দেউতাৰ অতি যতনৰ সেই বাৰি খন, খোলোতে বন্ধ কৰোঁতে পকা খুঁটাত ঘঁহনি খাই ঘেংকৈ বিকত শব্দ এটা কৰি উঠা সেই গে’ট্ খন, গধুলি ক’ল’নিৰ সকলোৰে ওমলাৰ ঠাই ‘গান্ধী ফিল্ডখন’, কোনো তেজৰ সম্পৰ্ক নথকা তথাপিও একেবাৰে নিজৰ আপোন যেন লগা সেই মানুহখিনি…, এইবিলাক সকলোৱে মিলি যেন মোক হাত বাউলি মাতে। আহ… !!! কিমান যে আনন্দৰ আছিল সেই দিন বোৰ। কিমান যে ভাল লগা স্মৃতি জড়িত হৈ আছে সেই ঠাই খনৰ সৈতে। তাৰ কোনো লেখ নাই।

খুব সম্ভৱ দাদা তেতিয়া ক্লাচ VII’ত আৰু মই ক্লাচ IV’ত, দুয়োতাৰে বছৰেকীয়া পৰীক্ষা শেষ হৈ গৈছে। দেউতাই এদিন আমাক বজাৰলৈ লগ ধৰিলে আৰু জোনাইৰ বিখ্যাত “Dutta Cycle Mart” ৰ পৰা দাদাক এখন ৰঙা ৰঙৰ হিৰ’ তাৰ্গেত চাইকেল কিনি দিলে । আমাৰ যে সেইদিনা কেনেকুৱা লাগিছিল আখৰৰে হয়তো বুজাই ক’ব নোৱাৰিম। দত্ত আংকলে দুকানৰ কাউন্তাৰত বহি চাইকেলৰ কেচ মেম’ খন লিখি থকা দৃশ্যতো মোৰ আজিও মনত আছে।

তাৰপিছত আৰু আমাক কোনে পায়, সেইদিনা ভালকৈ টোপনি নাহিলেই। পাছদিনাৰে পৰা আমাৰ চাইকেল শিকা পৰ্ৱ আৰম্ভ। পিচে সমস্যাতো হ’ল আমি দুয়োতাই প্ৰথম চাইকেল চলাবলে শিকিচিলো লগৰ দেবাশিষৰ কিদ্ চাইকেল খনত, আৰু যিহেতো সেইখন চাইকেল একেবাৰে চাপৰ, আমি অকল চলাবলেহে শিকিলো। উঠিবও নাজানো, নামিবও নাজানো। কিন্তু আমিও তো হাৰ মনা বিধৰ নহয়। কাষৰ ফিল্ড খনত ক্ৰিকেতৰ পিতচ সমান কৰিবলে কুঁৱাৰ ৰিঙ এটা আনি থোৱা আছিল, বুদ্ধি ওলাই গ’ল। সদায় আমি চাইকেল খন তালৈকে ঠেলি ঠেলি লৈ যাঁও, ৰিঙতোত ভৰি দি চাইকেলত বহো, আৰু হেপাহ পলোৱাই যিমান মন যায় চলাও। যেতিয়া ভাগৰ লাগে আৰু নামিবৰ হয় তেতিয়া ভাল বননি এদৰা চায় হাত ভৰি মেলি পৰি দিওঁ। বচ! নমা হৈ যায় । এনেকে নামোতে যে কিমানবাৰ হাত ভৰিৰ চাল বাকলি চিগিল তাৰ লেখ যোখ নাই। পাচলৈ যেনিবা পেদেলত ভৰি দি উঠিবলৈ শিকিলো।

যেতিয়া অলপ ডাঙৰ হ’লো, চাইকেলখন আমাৰ কাৰনে সৰু হৈ পৰিল, সেইখন কোনেও নচলোৱা হ’ল। দেউতাই এদিন সেইখন আকৌ আগৰ দত্ত চাইকেল মাৰ্টত দি থয় আহিবলৈ ক’লে যাতে এনেয় পৰি থকাতকৈ কোনোবা গ্ৰাহক পালে বেচি দিব পাৰে। মইও তাকেই কৰিলো। তেতিয়া কথাতো ইমান ভবা নাচিলো। এতিয়া কিন্তু এনে লাগে যেন চাইকেল খন নেবেচি ঘৰতে থোৱা হ’লেই ভাল আছিল নেকি। সেইখনৰ পিছত আৰু কেইবাখনো চাইকেল কিনি চলালো কিন্তু সেইখনৰ প্ৰতি মোহতো থাকিয়েই গ’ল। আজিৰ ভিডিঅ’ গেম, স্মাৰ্ত ফ’নৰ যুগত প্ৰথম চাইকেল শিকাৰ শিহৰনকাৰি মুহুৰ্ত্তকেইতাৰ অভিজ্ঞতা চাগৈ বহুতো শিশুৱে নাপাবই। ক’ল’নিৰ লগৰকেইতাৰ আগত হাত এৰি চাইকেল চলোৱাতো কিমান গৰ্বৰ কথা তাক অনুভৱ নকৰিলে বুজাব নোৱাৰি।

জোনাইৰ সৈতে এনেকুৱা আৰু অলেখ সৰু সুৰা স্মৃতি জড়িত হৈ আছে যি প্ৰায়ে আহি মুখত এটা হাহি বিৰিঙাই থৈ যায়। পিছে আজিলৈ সামৰিলো। পিছত কেতিয়াবা সময় পালে আৰু কিছু লিখিবলে যত্ন কৰিম।

বি: দ্ৰ: বহুত দিনৰে পৰা অসমীয়াত কিবা এটা লিখিম লিখিম বুলি ভাবি আছিলো কিন্তু কেনেকুৱা বা হয়, আনে বা পঢ়ি কি কয়, তাকে ভাবি সাহ কৰা নাছিলো। কিন্তু কালি কি মন গ’ল জানো লিখিয়েই পেলালোঁ। নাজানো কেনেকুৱা হৈছে। ৰাজকুমাৰ থাকুৰীয়াই যেতিয়া চিনেমাৰ পিচত চিনেমা বনাই যাব পাৰিছে, মইনো সাধাৰণ কথা কেইটামান লিখিব নোৱাৰিম নে ? হা হা ধেমালিহে কৰিছো দেই, ভুল ভ্ৰান্তি হ’লে আঙুলিয়াই দিয়ে যেন।