হে বীৰ……
ত্যাগ আৰু মহানতাৰ অদম্য প্ৰতিক,
লাচিত বৰফুকন,
পাৰা যদি এবাৰ আহিবাচোন আকৌ।
তোমাৰ তেজেৰে গঢ়ি থৈ যোৱা দেশখন এবাৰ চাই যাবাহি,
চাই যাবাহি কেনেকৈ বাঢ়িছে কাৰেঙৰ বেৰত কুঠাৰ মৰা পাইকৰ ভিৰ।
সেইবোৰ কাৰ পাইক জানা?
আমাৰ বৰ ডাঙৰ ভূল হ’ল….,
সেই যে তোমাৰ ঠাইত বদনক ঠাপিলো,
সেইয়াই কাল হ’ল।
আজিকালি নিতৌ এক নতুন বদনৰ জন্ম হয়,
বাঢ়ি যায় নিতৌ বদনহতৰ ভিৰ
আৰু বাঢ়ি যায় বদনহতৰ বঙালপ্ৰীতি।
যি বঙালক এদিন তাহানিৰ বদনে দেশ বেচিছিলে,
আজি সেই বঙালকে আজিৰ বদনে আনিব খুজিছে দেশ বচাবলে।
যি বঙাল ৰোধিবলে তুমি যুজ দিছিলা,
আজি সেই বঙালকে বদনে আনিব জাতি উধাৰিবলে।
অসমীয়াৰ অস্তিত্ব, অসমীয়াৰ ভবিষ্যত হেনো আজি বঙালৰ হাতত।
হে বীৰ…
আহিবাচোন এবাৰ…
শুনি যাবাহি বদনৰ শাসনে কোঙা কৰা অসমীয়াৰ দুখৰ গাথা
চাই যাবাহি কাৰেঙৰ বেৰত কুঠাৰ মৰা পাইকৰ ভিৰ।।