আপোনাক যে এবাৰ লগ পোৱা নহ’ল …..

আপোনাক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ বৰ হেপাহ আছিল ….
নিজ মাতৃভূমিৰ উন্নতিৰ সপোন দেখা সেই চকু যুৰিক ওচৰৰ পৰা এবাৰ চোৱাৰ বৰ মন আছিল….
সেই যুৰি চকুয়েই যে মোৰ দৰে হেজাৰ জনক সপোন দেখিবলে শিকালে,
শিকালে নিজ সপোনক ডেউকা লগায় উৰোৱাবলে, অগ্নিৰ ডেউকা।

কিন্তু আপোনাক যে আৰু কোনোদিনেই লগ নাপাম,
হাজাৰ জনক নিযুত সপোন দেখুওৱা সেই যুৰি চকু যে আজি থৰ হৈ ৰ’ল।
সমগ্ৰ ভাৰতবৰ্ষক কন্দুৱাই গুচি গ’ল আপুনি বহু যোজন আতৰলৈ….
আৰু এৰি থৈ গল আমালৈ বুলি এটি আধৰুৱা সপোন।

27-1438013198-abdulkalam

Leave a comment