কি ক’লা . . . . ! ! !

– কি ক’লা, প্ৰেমত পৰিছা? U’re in love??

– বাহ, Congratz… তোমালোকৰে দিন আৰু দেই। আমাক হে বিধাতাই কিনো জানো ফুটা কপাল দিলে, বুঢ়াই হ’ম এতিয়া, প্ৰেম চ্ৰেম হোৱাৰ চোন লক্ষণেই দেখা নাই।

– বাৰু সেইবোৰ বাদ দিয়া, কথা এটা কোৱা চোন, তুমি যাৰ প্ৰেমত পৰিছা, তেওৰ নামটো শুনিলে তোমাৰ মন চোতালত পখিলা উৰে নে?
– আকাশলে চালে মেঘৰ মাজত তেওৰ চবিখন দেখা যেন পোৱা নে?
– বতাহত কান পাতি শুনিলে তেওৰ নামটো শুনা যেন পোৱানে?
– কি ক’লা, ইয়াৰে এটাও নোপোৱা, তেতিয়া হ’লে কেনেকৈ জানিলা তুমি প্ৰেমত পৰিলা বুলি…..

– কি ক’লা, আজিকালিৰ প্ৰেম এনেকোৱা ইমান পেনপেনিয়া নহয়…!!!

– অ’হ।।।

Leave a comment